मुख्य सामग्री पर जाएँ
गीता मैत्री अंक ५जनवरी से जून २०२३
१२Linguistic Epiphanies

घर घर गीता, हर कर गीता

गीता प्रेरणा

जैसा कि हमें पता है "गीता में भगवान् गुरु हैं, और शिष्य मानव"; हमें यह स्पष्ट होना चाहिये कि गीता की मुख्य शिक्षा व मर्म हमारी बुद्धि में एक चित्रकार की रचना की भांति यह चित्रित कर देता है कि अकर्म की अपेक्षा कर्म ही श्रेष्ठ है। कर्म की श्रेष्ठता इस बात में है कि हम हमारी क्षमता, कौशल, शक्ति, बुद्धि, कुशाग्रता का पूर्ण उपयोग करें, कुछ पा लेने की खुशी और उसे खो देने के डर से होने वाले अवसाद, चिंता, विलाप से परे होकर उस परम पुरुष को सब कुछ अर्पण कर दें। जिससे हम सफलता में विनम्र और असफलता में स्थिर व सहनशील होकर प्रसन्न रह सकें।

श्लोकों का संस्कृत में पाठ सीखने के साथ उनका अर्थ जानने की तीव्र इच्छा, फिर उन अर्थों का व्यक्तिगत जीवन से मिलान ये कुछ अद्भुत अनुभव मुझे व मेंरे साथ के साधकों को हुये, जहाँ किसी ने अपनो को खोकर कैसे अपने आप को अकेले संतुलित किया तो किसी ने यह जाना कि आर्थिक हानि के कारण अपने को अवसाद से बचा कर फिर सफलता कैसे पायी जाय! तो कुछ अद्भुत गीताव्रतियों बालगोपाल ने तो दूसरों को प्रेरणा देने कि योग्यता भी प्राप्त कर ली ।

अपने अंत:करण की प्रसन्नता पर ध्यान केंद्रित कर पुरुषोत्तम ईश्वर के शरणागत होने से अच्छा इस जीवन में कुछ नहीं।

গীতাৰ অনলাইন শ্ৰেণীত অংশগ্ৰহণ কৰিব পৰাটো আমাৰ পৰম সৌভাগ্য। গীতাৰ শ্ৰেণীৰ প্ৰশিক্ষণৰ সৈতে জড়িত প্ৰশিক্ষক, অনুষ্ঠানটিৰ পৰিচালনা, কাৰিকৰী বিভাগ, অনুবাদ, সাহিত্য বিভাগ, কলিং আৰু মাইগ্ৰেচন বিভাগ, প্ৰচাৰ বিভাগ আদি আটাইকেইটা বিভাগৰ প্ৰতিগৰাকী সদস্যৰ নিস্বাৰ্থ সহযোগ অতি মন কৰিবলগীয়া। এনেক্ষেত্ৰত এই শ্লোকটো মনলৈ আহে....

तस्मादसक्तः सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन्कर्म परमाप्नोति पुरूषः।।3.19।।

অবৈতনিক অথচ আটায়ে ইমান সমৰ্পিত ভাৱেৰে নিজ নিজ কৰ্তব্যসমূহ সুকলমে সমাপন কৰে । গীতা পৰিৱাৰৰ সৈতে জড়িত হ'ব পৰাটো অতি সৌভাগ্যৰ কথা বুলি বোধ হয়।

এগৰাকী প্ৰশিক্ষাৰ্থী হিচাপে গীতা শ্ৰেণীত অংশগ্ৰহণ কৰিলোঁ। পূৱা চাৰি বজাত উঠি গা ধুই গীতা পড়াৰ এটা অভ্যাস হ'ল। বৰ্তমান আমি অনুবাদ আৰু কলিং আৰু মাইগ্ৰেচন বিভাগত সেৱা আগবড়াবলৈ সুযোগ লাভ কৰিছো।

পাঠ কৰাৰ সমান্তৰালভাৱে সংস্কৃত ব্যাকৰণ শিকোৱা, দেশ বিদেশৰ অনেক ভাষাত শিকোৱা অনলাইন শ্ৰেণী মানৱ জীৱনলৈ আশীৰ্বাদ স্বৰূপ। ব্যাকৰণৰ অতিৰিক্ত শ্ৰেণী, বিভিন্ন দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠান, অৰ্থবিবেচন সত্ৰ, প্ৰতি বিভাগৰ সদস্যৰ মাজত সুন্দৰ যোগাযোগ মন কৰিবলগীয়া কথা।

कर्मन्येवाधिकारस्ते मा फलेषु कदाचन।।2.47।।

কেৱল শাস্ত্ৰ বিহিত কৰ্মসমূহ কৰি যোৱাৰ বাবেহে তোমাৰ অধিকাৰ আছে, কিন্তু তাৰ কৰ্মফলৰ ওপৰত তোমাৰ অধিকাৰ নাই। গীতা জীৱনত প্ৰয়োগ কৰি কৰ্মব্ৰতী হৈছে এই গীতাসেৱীসকল।

গীতাৰ বাণী - যি হৈছিল ভালৰ বাবেই হৈছিল, যি হৈছে ভালৰ বাবেই হৈছে, যি হব ভালৰ বাবেই হ'ব - এই বাক্য শাৰীয়ে জীৱনত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। Depression, anxiety ইত্যাদি সমস্যাৰ পৰা নিশ্চিতভাৱে জীৱনত পৰিত্ৰাণ পাব পাৰি। যিসকলে গীতাৰ বাণী নিজৰ জীৱনত পালন কৰিছে, উদাহৰণ স্বৰূপে মহাত্মা গান্ধী, আইনষ্টাইন আদি মহান ব্যক্তি সকলৰ, নিশ্চিতভাৱে জীৱনৰ দৰ্শন সলনি হৈ পৰিছে। গীতাৰ বাণীসমূহ উন্নতিৰ শিখৰলৈ বগাব পৰা জখলা। শ্লোকসমূহৰ ঘাট, উচ্চাৰণসমূহে অতি বৈজ্ঞানিকভাৱে মানুহৰ শৰীৰ মন মগজুত প্ৰভাৱ পেলায়। চিন্তা চেতনা জাগ্ৰত কৰি প্ৰকৃত মানুহ হোৱাৰ সমল গীতা। সেয়েহে আজি বিশ্বত গীতা অনুপ্ৰেৰণাদায়ক (motivational) কিতাপ হিচাপে সৰ্বজন সমাদৃত আৰু সৰ্বজন বিদিত।

  • Nirmali Gogoi
मूल अंक के पृष्ठ देखें १ पृष्ठ
मूल अंक, पृष्ठ ३९